শিৱসাগৰত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অংশ লওঁ

May 12, 2026 | Health Camp

গুৱাহাটীৰ সোণাপুৰত থকা কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ১০ মে’, ২০২৬, দেওবাৰে শিৱসাগৰৰ ইষ্ট যমুনা ৰোডৰ শিৱসাগৰ ষ্টেচন চাৰিআলিত থকা মেডিলাইফ মেডিকেল ষ্ট’ৰত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২১৪সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷ উক্ত চিকিৎসা শিবিৰত আমাৰ লগতে iUKDৰ TIPSত প্ৰশিক্ষণপ্ৰাপ্ত জাৰ্মান ইউৰ’লজিষ্ট ডাঃ মাহমুদ হাদ্দাদ উপস্থিত থাকি কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যা, কিডনী ষ্টন, পুৰুষৰ প্ৰষ্টেটৰ সমস্যা, কিডনী বিকল হোৱা, ইউৰ’লজিকেল কেঞ্চাৰ, পুৰুষ-মহিলাৰ যিকোনো যৌন সমস্যা আদিৰ বিনামূলীয়াকৈ চিকিৎসা তথা পৰামৰ্শ প্ৰদান কৰোঁ৷ ৰোগীসকলক এই সমস্যাসমূহৰ চিকিৎসাৰ বিধান দিয়াৰ লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰোঁ৷ উক্ত চিকিৎসা শিবিৰত ৭০গৰাকী ৰোগী উপস্থিত থাকে৷
উল্লেখ্য যে কিডনী হস্পিটেল iUKD-এ আমাৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ-নগৰলৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷ আপোনালোকক জনাব বিচাৰিছোঁ যে সোণাপুৰত থকা iUKD হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ সম্পাদন কৰি অসমৰ ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত এক নতুন ধাৰাৰ সূচনা কৰিছে৷
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিডনীজনিত ৰোগত ভোগা ৰোগীসকলৰ ক্ষেত্ৰত আশানুৰূপ পদক্ষেপ গ্ৰহণ কৰি অসমখন এইধৰণৰ জটিল ৰোগৰ পৰা শংকামুক্ত কৰিব পাৰি, তাৰ বাবে আমি জনসাধাৰণৰ মাজত সচেতনতা তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাম কৰি আহিছোঁ৷ আপোনালোকৰো যদি কিডনী-সম্পৰ্কীয় কিবা অসুবিধাই দেখা দিয়ে, তেনেহ’লে পলম নকৰি কিডনী হস্পিটেল সৈতে যোগাযোগ কৰিব পাৰে৷ যোগাযোগৰ ফোন নম্বৰ 8011501833, 9864104444,, Hospital Address- Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD), Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২.