iUKDৰ ১৪৩সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

Oct 23, 2025 | Health Camp, The Doctor's Diary

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু মৰিয়নি মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২২ অক্টোবৰ, ২০২৫, বুধবাৰে যোৰহাট জিলাৰ মৰিয়নি মহাবিদ্যালয়ৰ বাণিজ্যিক বিভাগত [অ’ল্ড কেম্পাছ] অনুষ্ঠিত হয় কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৪৩সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰত আমি উপস্থিত থাকোঁ৷ শিবিৰৰ আৰম্ভণিতে উদ্যোক্তাৰ তৰফৰ পৰা আমাৰ প্ৰাণৰ শিল্পী, হিয়াৰ মণি প্ৰয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু ধূপ জ্বলাই তেখেতক শ্ৰদ্ধা নিৱেদন কৰোঁ আৰু জুবিন গাৰ্গৰ বিষয়ে চমুকৈ বক্তব্য প্ৰদান কৰোঁ৷
কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত আমি ৭০গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰোঁ আৰু ৰোগৰ পৰামৰ্শ প্ৰদান কৰোঁ৷ উক্ত স্বাস্থ্য শিবিৰৰ আৰম্ভণিতে এক চমু অনুষ্ঠানত উদ্যোক্তাৰ তৰফৰ পৰা আমাক গামোচাৰে সম্বৰ্ধনা জনায়৷ মৰিয়নি মহাবিদ্যালয়ৰ বাণিজ্য বিভাগত আয়োজিত এই বিনামূলীয়া চিকিৎসা শিবিৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক iUKDৰ ফালৰ পৰা চিকিৎসা প্ৰদান কৰা হয় আৰু তেওঁলোকৰ কিডনীজনিত ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধান দিয়াৰ লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়৷ উল্লেখ্য যে কিডনী হস্পিটেল iUKDৰ তৰফৰ পৰা আমাৰ নেতৃত্বত বিশিষ্ট চিকিৎসক তথা অভিজ্ঞ স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ-নগৰকে ধৰি প্ৰত্যন্ত অঞ্চললৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷