কিডনী হস্পিটেল iUKDৰ দ্বিতীয় বৰ্ষপূৰ্তি উদ্‌যাপন

Sep 13, 2025 | The Doctor's Diary

যোৱা ১২ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে কিডনী হস্পিটেল Institute of Urology and Kidney Diseases ( iUKD)ৰ দ্বিতীয়টো বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত হয়। অসম তথা উত্তৰ-পূব ভাৰতৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ কিডনী হস্পিটেলখনৰ এই দ্বিতীয়টো বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি দিনৰ ১ বজাত অনুষ্ঠিত হৈ যায় এখনি গাম্ভীৰ্যপূৰ্ণ মুকলি সভা। এই সভাত মুখ‍্য অতিথিৰূপে উপস্থিত থাকে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালিকা তথা দেশৰ অন‍্যতম শক্তিশালী আৰু জনপ্ৰিয় উদ‍্যোগী মহিলা আমাৰ শ্ৰদ্ধাৰ শ্ৰীমতী ৰিণিকি ভূঞা শৰ্মা ডাঙৰিয়ানী, সন্মানীয় অতিথিৰূপে উপস্থিত থাকে ক্ৰমে স্বাগত ছুপাৰস্পেচিয়েলিটি হস্পিটেলৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট লেপাৰস্কপিক আৰু ৰব’টিক ছাৰ্জন প্ৰফেছৰ শ্ৰদ্ধাৰ ( ডাঃ) সুভাস খান্না মহাশয়, ছিনিয়ৰ জি আই তথা লেপাৰস্কপিক ছাৰ্জন ডাঃ নৃত‍্যেন্দ্ৰ নাথ দাস মহাশয় আৰু গুৱাহাটী মেডিকেল কলেজৰ শল‍্য চিকিৎসা বিভাগৰ মুৰব্বী অধ‍্যাপক প্ৰফেছৰ (ডাঃ) কনকেশ্বৰ ভূঞা মহাশয়। iUKDৰ মুখপত্ৰ “iUKD MIRROR” উন্মোচন কৰি তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমটো উৎসৰ্গিত ইউৰ’লজিকেল ৰব’টৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি মুখ‍্য অতিথি শ্ৰদ্ধাৰ ৰিণিকি ভূঞা শৰ্মা ডাঙৰিয়ানীয়ে কয় যে মাত্ৰ দুবছৰতে iUKD-এ কিডনীজনিত ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত অসাধ‍্য সাধন কৰি দেখুৱাইছে বুলি উল্লেখ কৰে। অনাগত দিনত iUKD-এ আৰু অধিক সফলতা অৰ্জন কৰিব বুলি শৰ্মা ডাঙৰীয়ানীয়ে যি আশা ব‍্যক্ত কৰে তাক আমি আশীৰ্বাদ তথা শুভাশিস হিচাপে গ্ৰহণ কৰোঁ৷। আনহাতে বহু গণ‍্য-মান‍্য ব‍্যক্তি তথা চিকিৎসক-স্বাস্থকৰ্মী এই মুকলি সভাত উপস্থিতিয়ে আমাক অধিক উৎসাহিত কৰাৰ লগতে অনুপ্ৰেৰণা যোগায়৷