2018 চন। তেতিয়া মই ইউৰ’লজি বিভাগৰ বিশিষ্ট ছাৰ্জন হিচাপে গুৱাহাটীত কৰ্মৰত। নেদেখাজনৰ কৃপাত ইতিমধ্যে বহুতো ৰোগীৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ নিদান দিবলৈ সক্ষম হৈ উঠিছোঁ। তেনে এটি দিনতে এবাৰ এগৰাকী ৰোগী আহি ওলাল, ক’লে যথেষ্ট কষ্টত আছোঁ, ঘনে ঘনে প্ৰস্ৰাৱৰ বাবে যাব লাগে, ৰাতি কেইবাবাৰো টোপনি ভাঙি উঠি যাব লগা হয়। যাৰ বাবে স্বাস্থ্যৰো যথেষ্ট অৱনতি ঘটিছে। বহুত টেনশ্যন। বহুতকে দেখুৱালোঁ, কিন্তু ভাল পোৱা নাই। শেষত কাক দেখুৱাম ভাবি থাকোতেই আপোনাৰ নাম শুনিলোঁ। যাকে সুধিছিলোঁ চিনি পায় নেকি, সিয়েই কৈছিল বহুত ভাল ডাক্তৰ বুলি; সেয়ে আপোনাৰ ওচৰলৈ বুলি আহিলোঁ। মই জানো আপুনিয়েই মোৰ সমস্যাটো ঠিক কৰিব পাৰিব।
ৰোগী এগৰাকীৰ চিকিৎসকৰ প্ৰতি এনে বিশ্বাস দেখি মনটো গদগদ হৈ উঠিল। লগতে ইশ্বৰক ধন্যবাদ জনালোঁ মোক ইমানখিনি সামৰ্থ্যৱান কৰি তোলাৰ বাবে, আৰু এই বিশ্বাসকে সৰোগত কৰি কৰণীয় সকলোখিনি কৰাৰ অন্তত দেখা গ’ল যে ৰোগীগৰাকীক প্ৰ’ষ্টেট গ্ৰন্থিৰ অপাৰেচন লাগিব। ইউৰ’লজিকেল লেজাৰ চিকিৎসাৰ ক্ষেত্ৰত মোৰ 15,000মান অস্ত্ৰোপচাৰ কৰাৰ অভিজ্ঞতা শিৰত লৈ ৰোগী গৰাকীক অত্যাধুনিক লেজাৰৰ সহায়ত অস্ত্ৰোপচাৰ কৰিলোঁ। তেখেত সম্পূৰ্ন সুস্থ হৈ উঠিল। মোক আন্তৰিক ধন্যবাদ জনাই ঘৰলৈ ওভতি গ’ল আৰু আজি 2024 চনত তেখেত আকৌ ঘূৰি আহিল মোৰ ওচৰলৈ। কিন্তু এইবাৰ ৰোগী হিচাপে নহয়, বৰঞ্চ এগৰাকী শুভাকাংক্ষী হিচাপেহে। মনটো যথেষ্ট ভাল লাগিল। এনেবোৰ ক্ষনে যেন আমাক সোঁৱৰায় যে অস্ত্ৰোপচাৰ কেৱল চিকিৎসা নহয়, এটি পৰিয়ালৰ আশা আৰু প্ৰাৰ্থনা সফল হোৱাৰ এটি মিঠা, সঁচা আৰু সফল চুটিগল্প। আপোনাৰ সুস্থতা আমাৰ মাইলষ্ট’ন।
ডাক্তৰৰ দিনলিপি
