এটা মাহ আগতে আমাৰ উত্তৰ-পূব ভাৰতৰ প্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল আই ইউ কে ডিত কিডনী ষ্ট’নৰ বাবে অপাৰেশ্যন কৰাইছিল এই যুৱতীগৰাকীয়ে। আজি তেওঁ সম্পূৰ্ণ সুস্থ আৰু এতিয়া নিজে নাৰ্ছিং স্কুলত যোগদান কৰিছে। নিজৰ স্বপ্নৰ বাবে যাত্ৰা আৰম্ভ কৰাৰ এই শুভক্ষণত তেওঁ তেওঁৰ পিতৃ-মাতৃৰ সৈতে মোৰ আশীৰ্বাদ বিচাৰি আহিল।
তেওঁৰ পিতৃৰ চকুত আনন্দ আৰু আৱেগৰ চকুপানী দেখিলোঁ। তেখেতে ক’লে—“ডাঙৰীয়াৰ আশীৰ্বাদ আৰু কৰ্মদক্ষতাই আজি মোৰ ছোৱালী নতুন জীৱনৰ আৰম্ভণি কৰিব পাৰিছে। আপোনাৰ ঋণ কোনোদিনো শোধ দিব নোৱাৰিম।” এইবোৰ মুহূৰ্তই এজন চিকিৎসকৰ জীৱনক সাৰ্থক কৰে।
মই তেওঁৰ সুস্থতা আৰু সাফল্যৰ বাবে আন্তৰিক আশীৰ্বাদ জনাইছোঁ। তেওঁৰ সুস্থ শৰীৰ আৰু অবিচল মনোবলতেই তেওঁ আনৰ জীৱনতো আশাৰ জ্যোতি জ্বলাব। পিতৃ-মাতৃৰ শ্ৰদ্ধা আৰু দিব্য আশীৰ্বাদ সদায় তেওঁলোকৰ সন্তানৰ পোহৰ হৈ থাকক।
“मातृदेवो भव। पितृदेवो भव।”
মোৰ আশীৰ্বাদ সদায় তোমাৰ সৈতে থাকিব। এগৰাকী ভাল নাৰ্ছ, ভাল মানুহ, আৰু ভাল সন্তান হৈ তুমি বহু হৃদয় জয় কৰিবা।