নমস্কাৰ, অসম। আজি ৰাতিপুৱাই মোবাইলটো চাই থাকোঁতে এটি বিশেষ লেখা চকুত পৰিল। প্ৰখ্যাত ডিজিটেল নিউজ মিডিয়া হাউছ “জি-প্লাছ”ত প্ৰকাশিত এটি বাতৰি। “Can Assam become North-East India’s Medical Tourism hub?” শিৰোনামটো চায়েই মনলৈ অসংখ্য ভাব আহিল। সেয়ে আজিৰ দিনলিপিত ইয়াৰ বিষয়ে নিলিখি নোৱাৰিলোঁ। আজি মই আপোনালোকৰ স’তে অসমৰ স্বাস্থ্য সেৱাৰ উন্নতিৰ বিষয়ে এক আন্তৰিক পৰ্যালোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই আলোচনা কোনো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত নহয়, ই মোৰ ব্যক্তিগত অভিজ্ঞতা আৰু চিকিৎসা জীৱনত দেখা পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি পোৱা বিশ্লেষণ। মই বিশ্বাস কৰোঁ যে স্বাস্থ্য সেৱা হৈছে আমাৰ সকলোৰে দায়িত্ব আৰু ইয়াত চৰকাৰ, চিকিৎসক, সমাজ তথা প্ৰতিগৰাকী নাগৰিকৰ ভূমিকা সমানেই গুৰুত্বপূৰ্ণ।
আমি সকলোৱে জানো যে স্বাস্থ্য হৈছে সমৃদ্ধিৰ মূল ভেটি। এই কথাকে মনত ৰাখি আমাৰ চৰকাৰে কিছুমান সময়োপযোগী পদক্ষেপ হাতত লৈছে :
১) ASSIST প্ৰকল্প : এই প্ৰকল্পৰ জৰিয়তে ২,৫২৯ কোটি টকা বিনিয়োগ কৰি গোটেই ৰাজ্যৰ মাধ্যমিক স্বাস্থ্য সেৱাৰ সুবিধা উন্নত কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে যে এতিয়া আপোনাৰ গাঁৱৰ চিকিৎসালয়তো উন্নত চিকিৎসা-সুবিধা উপলব্ধ হ’ব।
২) অৰ্থনৈতিক বিনিয়োগ : স্বাস্থ্যখণ্ডত ৯,৬৩৪ কোটি টকা বিনিয়োগ কৰা হৈছে, যিটো আমাৰ ৰাজ্যৰ মুঠ স্বাস্থ্য ব্যয়ৰ ৬৫%। এইটোৱে দেখুৱায় যে স্বাস্থ্য বিষয়টোক আমাৰ চৰকাৰে কিমান গভীৰ আৰু গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে।
৩) নতুন চিকিৎসালয় : অসমক এতিয়া চিকিৎসা পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আদি ঠাইত আধুনিক চিকিৎসালয় স্থাপন কৰা হৈছে, য’ত উন্নত প্ৰযুক্তিৰে চিকিৎসা সেৱা আগবঢ়োৱা হয়।
মই যিখন চিকিৎসালয়ত কাম কৰোঁ, অৰ্থাৎ কিডনী হস্পিটেল–iUKD, সোণাপুৰ, গুৱাহাটী— তাত আমি এই সমস্যাবোৰ সমাধানৰ বাবে কেইবাটাও পদক্ষেপ হাতত লৈছোঁ। আমাৰ উদ্দেশ্য হৈছে সমাজৰ প্ৰতিগৰাকী ৰোগীৰ ওচৰলৈ উন্নত তথা পৃথিবীৰ অত্যাধুনিক চিকিৎসা সেৱা লৈ যোৱা। এই ক্ষেত্ৰত আমি ইতিমধ্যে ৮০তকৈও অধিক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা সজাগতা শিবিৰ অনুষ্ঠিত কৰিছোঁ, উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত, যেনে– মাজুলী, উমৰাংছো, বান্দৰদেৱা, আশিমগঞ্জ, মাইবং, হাফলং, গুৱাহাটী, যোৰহাট, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, নগাঁও, কোকৰাঝাৰ, ওদালগুৰি, তিনিচুকীয়া, ধেমাজি, বিশ্বনাথ চাৰিআলি, গহপুৰ। এই অঞ্চলবোৰত আমি স্বাস্থ্য সচেতনতাৰ কাৰ্যসূচী আয়োজন কৰিছোঁ, য’ত মানুহক প্ৰতি প্ৰৱৰ্তনমূলক চিকিৎসাৰ বিষয়ে শিকোৱা হৈছে। বহু সময়ত, আনকি প্ৰতিকূল বতৰকো নেওচি, আমাৰ হস্পিটেলৰ স্বাস্থ্যকৰ্মীসকলে হেলাৰঙে তেওঁলোকৰ দায়িত্ব পালন কৰি গৈছে। বিশ্বাস কৰক– আজিলৈকে মই কাকোৱেই মোৰ লগত যাবলৈ লগ ধৰা নাই। কাৰণ অকলে হ’লেও মই মোৰ দায়িত্ব পালন কৰি যাম। কিন্তু মোৰ হস্পিটেল-পৰিয়ালৰ প্ৰত্যেকগৰাকী কৰ্মী যেন মোৰ বাবে একো একোগৰাকী বীৰ সৈনিক। কেতিয়াও হাৰ নমনা একোগৰাকী প্ৰকৃত দেশপ্ৰেমী। মই যাব নালাগে বুলি ক’লেহে তেওঁলোকে বেয়া পায়। এটকাও দিয়া নাই মই তেওঁলোকক ইয়াৰ বাবে। বৰঞ্চ বহুজনেতো নিজৰ পকেটৰ ধন খৰচ কৰি হ’লেও ৰাইজৰ সেৱাৰ বাবে মোৰ লগত যাবলৈ সাজু। এক অদম্য হেঁপাহ, ইচ্ছাশক্তি! কেতিয়াবা দিনটো ৰোগীৰ স’তে লাগি থাকোঁতে আনকি খাবলৈও পাহৰি যায়। তেওঁলোকৰ কৰ্মস্পৃহা দেখি মোৰ মনে সাহস পায় আৰু অধিক কাম কৰি যাবলৈ। হে মোৰ চেনেহৰ-শ্ৰদ্ধাৰ সহকৰ্মীসকল, আপোনালোকক মোৰ কিডনী হস্পিটেল-পৰিয়ালৰ সদস্য হিচাপে পাই মই আজি সঁচাকৈয়ে ধন্য।
এতিয়া কথা হ’ল, আমি যে এই বিনামূলীয়া কেম্পসমূহ কৰিলোঁ, কিন্তু তাৰ দ্বাৰা সমাজৰ কি লাভ হ’ল ?
কওঁ শুনক– এই শিবিৰবোৰে কেৱল চিকিৎসা সেৱাই আগবঢ়োৱা নাই, ই মানুহৰ মাজত স্বাস্থ্য সচেতনতাৰ বীজ ৰোপণ কৰিছে। উদাহৰণস্বৰূপে, মাজুলীৰ এগৰাকী মহিলাই আমাক কৈছিল যে আমাৰ শিবিৰত তেওঁৰ ৰক্তচাপৰ সমস্যা ধৰা পৰিছিল আৰু তেওঁ এতিয়া নিয়মীয়াকৈ চিকিৎসা লৈ আছে। সুদূৰ উমৰাংচোত গৈ যেতিয়া আমি বিনামূলীয়া সেৱা আগবঢ়াইছিলোঁ, তেতিয়া তাত থকা ৰোগীসকলে আমাক মূৰৰ চুলি ছিঙি আশীৰ্বাদ দি কৈছিল, “আজিলৈকে আমাৰ খবৰ ল’বলৈ কোনো স্পেচিয়েলিষ্ট ডাক্তৰ এই অঞ্চললৈ অহা নাছিল। সাধাৰণ চৰ্দি-জ্বৰৰ বাহিৰে ৰোগ অকমাণ বাঢ়ি আহিলেই আমি প্ৰায় ৭০ কিলোমিটাৰ নিলগৰ লংকালৈ যাবলগীয়া হয়।” কথাখিনি কওঁতে এগৰাকী ৰোগীৰ চকুত চকুলো আছিল। আমিও বুজি উঠিছিলোঁ যে আমাৰ আৰু বহুত কৰিবলগীয়া আছে। শিলচৰৰ আশিমগঞ্জ এলেকালৈ বিনামূলীয়া কেম্প কৰিবলৈ যাওঁতে মানুহখিনিৰ মৰম আৰু আতিথ্যই যেন আমাক আকৌ ঘূৰি যোৱাৰ প্ৰতিশ্ৰুতি বিচাৰিছিল। ভাৰত-ভূটান সীমান্তৰ অতি দুৰ্গম এলেকা কামাদাইছা গাঁও পঞ্চায়তৰ অন্তৰ্গত ঠাইসমূহত যেতিয়া আমি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰিছিলোঁ, তেতিয়া তাত থকা মানুহখিনিৰ চকুত দেখা পাইছিলোঁ এক গভীৰ আশা আৰু বিশ্বাসৰ জিলিকনি। আমি নিশ্চিত আৰু প্ৰতিজ্ঞাবদ্ধ– এনে ধৰণৰ শিবিৰ আমি আগলৈও অনুষ্ঠিত কৰি যাম। অসমৰ প্ৰত্যেকখন জিলা, গাঁও, নগৰৰ স্বাস্থ্য সেৱাৰ উন্নতিৰ ক্ষেত্ৰত অকমাণ হ’লেও যদি আমি অৱদান আগবঢ়াব পাৰোঁ, তেনেহ’লে আমাৰ জীৱন সফল হৈছে বুলি ভাবিম। ইয়াৰ বাবে আমি স্থানীয় স্বাস্থ্যকৰ্মীসকলৰ সৈতে সহযোগিতা কৰি, তেওঁলোকক প্ৰশিক্ষণ দিবলৈও পৰিকল্পনা কৰিছোঁ। এইটোৱেই হ’ব আমাৰ শিবিৰৰ পৱিত্ৰ লক্ষ্য আৰু উদ্দেশ্য।
হে মোৰ প্ৰিয় ভাই-ভনীসকল, বন্ধুসকল, এই যাত্ৰাত আপোনালোকৰো ভূমিকা অপৰিহাৰ্য। যদি আপোনালোকে দেখে যে আপোনাৰ গাঁৱত বা সমাজত স্বাস্থ্য সেৱাৰ প্ৰয়োজন, তেন্তে অনুগ্ৰহ কৰি আমাক জনাওক। আমি একেলগে কাম কৰিলেহে এই লক্ষ্যত উপনীত হ’ব পাৰিম। উদাহৰণস্বৰূপে যদি আপোনালোকে এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰিব বিচাৰে, তেন্তে আমাক ফোন কৰক, আমি নিশ্চিতভাৱে সঁহাৰি আগবঢ়াম।
মোৰ ক’বলগীয়াখিনি ইয়াতেই সামৰিলোঁ। কৈ থাকিলে চাগে’ আৰু বহু কথা ওলাব; কিন্তু আজিলৈ থাকক। এতিয়া আপোনালোকে নিজেই ভাবক– “Can Assam become North-East India’s Medical Tourism hub? ” উত্তৰটো মোকো জনাবচোন। আপোনালোকৰ ক’বলগীয়াখিনিও ক’ব। মোৰ মতে কিন্তু প্ৰশ্নটোৱেই ভুল! হ’ব লাগিছিল– “When will Assam become North-East India’s Medical Tourism Hub !!” আৰু উত্তৰটো হ’ব– Very soon( অতি সোনকালেই )।
স্বাস্থ্য সেৱা হৈছে মানৱতাৰ সেৱা। ইয়াত কোনো ৰাজনীতি নাই, কোনো সীমা নাই। মই আশা কৰোঁ যে আপোনালোকে মোৰ কথাখিনিত সহমত পোষণ কৰিব আৰু আমাৰ এই আশাশুধীয়া আন্দোলনত অংশগ্ৰহণ কৰিব। আমাৰ প্ৰতিজনৰ এটা এটা মাথোঁ ক্ষুদ্ৰ পদক্ষেপই গোটেই সমাজৰ বাবে ডাঙৰ পৰিৱৰ্তন আনিব পাৰে।
এই বসুন্ধৰাত মানৱতাৰ জয় হওক। সত্যৰ জয় হওক। প্ৰণাম।
ডাঃ অৰূপ কুমাৰ নাথ
এজন চিকিৎসক
এজন স্বাস্থ্যকৰ্মী
এজন স্বপ্নদ্ৰষ্টা