ৰাতিপুৱাৰ পৰাই মনটো কিবা এটা ভাল লাগি আছিল, নাজানো কিয়। কেতিয়াবা আপোনালোকৰো হয় চাগে তেনেকুৱা, নজনাকৈয়ে মনটো ফৰকাল লাগি থাকে। আনদিনাৰ দৰেই ৰাতিপুৱা ৯ মান বজাত হস্পিটাললৈ আহিছিলো।ইতিমধ্যে ১০-১২ গৰাকী মান ৰোগী আহি পাইছিলহি। ময়ো দেৰি নকৰি এজন এজনকৈ ৰোগী চোৱাত ধৰিলো। ৫ গৰাকী মান ৰোগী চোৱাৰ পিচতে চেম্বাৰলৈ মুখত এমোকোৰা হাহি লৈ সোমাই আহিল এখন চিনাকী চিনাকী লগা মুখ। এগৰাকী মহিলা, কোলাত এটি সদ্যজাত পানিকেচুৱা। আহিয়েই ছাৰ ভালে আছেনে বুলি সুধিলে। ময়ো নমস্কাৰ জনাই বহিবলৈ কওতে তেখেতেই আৰম্ভ কৰিলে কথা। কলে, চাৰ, মোক চিনি পাইছেনে !! ছমাহমান আগতে আপুনি মোৰ কিডনী ষ্টোনৰ চিকিৎসা কৰিছিল আপোনাৰ হস্পিটেলতে। কথাখিনি শুনি মই অবাক নহৈ নোৱাৰিলো। মনত পৰি গল সেই দিনটোলৈ, এগৰাকী বিশেষ ৰোগী। তেতিয়া তেওঁৰ গৰ্ভত এটি নিস্পাপ শিশু। কিডনী ষ্টোনৰ যন্ত্ৰনাত চটফটাই থকা তেখেতক লৈ আমাৰ হস্পিটেললৈ আহিছিল তেখেতৰ কেইগৰাকীমান আত্মিয়ই। এনে এটা অৱস্থা যিয়ে ৰোগী আৰু ৰোগীৰ অনাগত সন্তান দুয়োৰে বাবে গুৰুতৰ বিপদৰ সৃষ্টি কৰিছিল। মুখত সকলোৰে ভয়ৰ ভাব। জানোছা প্ৰসুতি আৰু শিশুৰ কিবা বিপদ হয়। মোক লগ পায়েই কৰযোৰে আবেদন কৰিছিল কিবা এটা কৰক বুলি। মই গোটেইবোৰ পৰীক্ষা কৰি উঠি অপাৰেচন লাগিব বুলি কওতেও তেখেতসকলৰ মনত এটি শংকাৰ ভাব আছিল। তেখেতে বাৰে বাৰে মোক সুধিছিল, ছাৰ মোৰ বাচ্ছাটো ঠিকে আছেনে !! অপাৰেচন কৰিলে একো বিপদ নহয়টো !! স্বাভাবিক। এগৰাকী মাতৃৰ কাৰনে নিজ শিশুৰ জীৱন কিমান অমূল্য সেয়া হয়টো মাতৃ সকলে হে বুজিব। সেইকাৰনে হয়টো কিডনী পাথৰে কিডনীৰ পৰা প্ৰস্বাব নামি অহা নলি ব্লক কৰি থকা কাৰনে হোৱা প্ৰচণ্ড বিষকো আওকান কৰি তেখেতে কেৱল নিজৰ শিশুটিৰ কথা ভাবিছিল। ময়ো যথাসম্ভব চেষ্টা কৰিছিলো তেখেতসকলক আশ্বষ্ট কৰিবলৈ। শেষত তেখেতসকলে মোক বিশ্বাসত লৈ আগবাঢ়িছিল অপাৰেচনৰ বাবে। মাতৃ আৰু পেটত থকা শিশুৰ সু-স্বাস্থ্য বৰ্তাই ৰখাৰ বাবে বিধিসন্মত সকলো দিশ পৰ্যালোচনা কৰি আমিও তেখেতৰ চিকিৎসা কৰিলো। প্ৰসুতিৰ চিকিৎসাৰ ক্ষেত্ৰত থকা সকলো বাধ্যবাধকতা পালন কৰি তেখেতৰ কিডনী পাথৰৰ বাবে সময় উপযোগী চিকিৎসা আগবঢ়ালো।
অপাৰেচনটো সফল হৈছিল, অপাৰেচন থিয়েটাৰত তেওঁ সংজ্ঞাহীন অৱস্থাৰ পৰা সাৰ পাই উঠি মোলৈ চোৱাৰ সময়ত তেখেতৰ চকুৰ সেই আশ্বাস আৰু কৃতজ্ঞতাৰ চাৱনি মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তেওঁ যেন জানিছিল যে এতিয়া তেওঁ আৰু তেওঁৰ সন্তান, দুয়ো সুস্থ। এইয়া আছিল এক বিজয়ৰ মুহূর্ত, কেৱল মোৰ বাবেই নহয়, বৰঞ্চ এইয়া সম্ভৱ কৰি তোলাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰা আমাৰ কিডনী হস্পিটেলৰ সমগ্ৰ দলটোৰ বাবেও।
আৰু আজি, ছমাহ পিছত। তেওঁ হাস্পতাললৈ ঘূৰি আহিছিল, এগৰাকী ৰোগী হিচাপে নহয়, বৰঞ্চ এগৰাকী গৰ্বিত মাতৃ হিচাপে, তেখেতৰ সুস্থ নৱজাতক শিশুটিক সাৱটি ধৰি। তেওঁৰ উজ্জ্বল হাঁহি আৰু তেওঁৰ পুত্ৰৰ শান্ত মুখখন দেখি মোৰ হৃদয় অপৰিসীম আনন্দেৰে ভৰি পৰিল। ই যেন আছিল চিকিৎসা বিজ্ঞানত আমি দেখা অলৌকিক ঘটনা আৰু আমি মানুহৰ জীৱনত কৰিব পৰা গভীৰ প্ৰভাৱৰ এক সুন্দৰ সোঁৱৰণ। মইটো ধৰিবই পৰা নাছিলো এইগৰাকীয়েই সেইগৰাকী ৰোগী বুলি। যথেষ্ট সুষ্ঠ তেখেত বৰ্তমান। আজি যেতিয়া তেখেতে নিজৰ পানিকেচুৱাটিক মোৰ কোলাত দি এখনি ফটোৰ বাবে আগ্ৰহ কৰিছিল মোৰ লাগিছিল যেন মই এগৰাকী ট্ৰফি বিজেতা। মই শিশুটিক সাৱটি ধৰি এক গভীৰ সন্তুষ্টি অনুভৱ কৰিলোঁ। এই শিশুটি, জীৱন আৰু সম্ভাৱনাৰে ভৰপূৰ, এইয়া হৈছে আশা আৰু সহনশীলতাৰ প্ৰতীক। তাৰ মাতৃৰ শক্তি, আধুনিক চিকিৎসা বিজ্ঞানৰ শক্তি, আৰু সময়মতে হস্তক্ষেপৰ গুৰুত্বৰ সাক্ষ্য এই শিশুটোৱে দাঙি ধৰিছে।
তুমিয়েই মোৰ ট্ৰফি। জীৱন যুজৰ আৰম্ভনিতে এখন বৃহৎ যুদ্ধ জয় কৰা তুমি আৰু আগুৱাই যোৱা। তুমি যুজাৰু। ভগবানে তোমাক শক্তি দিয়ক।
সমাজলৈ মোৰ এইটোৱেই কওঁ: জীৱন সূক্ষ্ম, কিন্তু ইয়াৰ সহনশীলতা অসীম। আপোনাৰ স্বাস্থ্যই হৈছে আপোনাৰ সবাতোকৈ ডাঙৰ সম্পদ, ইয়াক কেতিয়াওঁ আওকান নকৰিব। নিয়মীয়া চেক-আপ, আগতীয়া নিৰ্ণয়, আৰু সময়মতে চিকিৎসাই জীৱন ৰক্ষা কৰিব পাৰে আৰু অলৌকিক ঘটনা সৃষ্টি কৰিব পাৰে। ডাক্তৰসকলক বিশ্বাস কৰক, কিয়নো আমি কেৱল চিকিৎসা কৰিবলৈ নহয়, বৰঞ্চ যত্ন ল’বলৈ, সুস্থ কৰিবলৈ, আৰু আপোনাৰ আটাইতকৈ কঠিন মুহূর্তবোৰত আপোনাৰ লগত থাকিবলৈ আমি সদায় সস্টম আছোঁ