ডাক্তৰৰ দিনলিপি: ৫

Aug 9, 2025 | The Doctor's Diary

ভাইটি, তোৰ দেউতাই কি ক’ৰে অ ?
মেডিকেল কলেজৰ প্ৰথম দিনটোতেই কোনোবা এগৰাকী ছিনিয়ৰে সুধিছিল প্ৰশ্নটো। সগৌৰৱে উত্তৰ দিছিলোঁ– “মোৰ দেউতা এগৰাকী খেতিয়ক।” এতিয়া দেউতাৰ বয়স প্ৰায় ৮৫, তথাপি নিজে নোৱাৰিলেও আনৰ হতুৱাই খেতি কৰায় আৰু পুৱা-গধূলি নিজেই কামৰ তদাৰক কৰে। মা এগৰাকী গৃহিনী।

নগাঁও জিলাৰ কামপুৰৰ এখন সৰু গাঁও উত্তৰ চাংচকীৰ পৰা প্ৰথমবাৰৰ বাবে ওলাই আহি চিধাই নামভৰ্তি কৰিছিলোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত। সৰুৰে পৰা অকমান লাজকুৰীয়া স্বভাৱৰ আছিলোঁ বাবে চাগে’ কলেজৰ সময়তো বৰ বেছি লগ-সমনীয়া নাছিল মোৰ। সেইবাবেই হয়তো পূৰ্বৰ দৰে কিতাপকে নিজৰ লগৰীয়া কৰি লৈছিলোঁ। ভাল পাইছিলোঁ পঢ়ি। এম বি বি এছ পাছ কৰি ছাৰ্জাৰি বিভাগত মাষ্টাৰ ডিগ্ৰী লোৱাৰ পিছত এদিন ঘৰলৈ আহোতে কোনোবা এগৰাকী ব্যক্তিয়ে দেউতাক কোৱা শুনিছিলোঁ– “সিনো আৰু কিমান পঢ়ে! ছাৰ্জনতো হ’লেই। এতিয়া কোনোবা এখন হস্পিটেলত জইন কৰি দেউতাকক সকাহ দিয়াৰহে কথা। আপুনি বুজাব তাক…” সেইদিনা দেউতাই তেখেতক কোৱা কথাষাৰ আজিও মোৰ মনত আছে– “তাক পঢ়িবলৈ দিয়া। যেতিয়ালৈকে পঢ়াৰ মন, তেতিয়ালৈকে সি পঢ়ক। যিমান ইচ্ছা সিমান পঢ়ক। মোৰ গাত অন্তিমকণ শক্তি থকালৈকে ম‌ই তাৰ পঢ়াৰ খৰচ বহন কৰিম..।” আগবেলা এমুঠি খাই পিছবেলা খাবলৈ চিন্তা কৰিবলগা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজনে এইষাৰ কথা ক’বলৈ কিমান সাহসৰ প্ৰয়োজন হ’ব সেইদিনা হয়তো মই উপলব্ধি কৰিব পৰা নাছিলোঁ। আজি ভাবোঁ, দেওতাই যদি সমাজৰ কথা শুনি সেইদিনা মোক পঢ়া বাদ দি কামত ধৰিবলৈ ক’লেহেঁতেন, তেতিয়া চাগে’ আজি মই আপোনালোকৰ সমুখত এনেদৰে থিয় হ’ব নোৱাৰিলোঁহেতেন। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন কিডনী হস্পিটেল স্থাপন কৰি ৰাইজক সকাহ তথা সুস্বাস্থ্য প্ৰদান কৰাৰ সপোন দেখিব নোৱাৰিলোঁহেতেন। আৰ্থিক অনাতনত এটা সময়ত মই আনকি আনৰ ঘৰত থাকিও পঢ়া-শুনা চলাই নিব লগা হৈছিল। ঘৰৰ তামোল-পাণ, কল-কচু বজাৰত বেচিও কিতাপৰ খৰছ উলিয়াইছিলোঁ। দেউতাই সদায় দিনটো খেতি-পথাৰত কাম কৰি উঠি ঘৰলৈ অহাৰ পিছত আজৰি হৈ মোৰ পঢ়া টেবুলৰ কাষত ৰৈ কৈছিল– “বুবু, ভালদৰে পঢ়, তই ডাঙৰ মানুহ হ’ব লাগিব…”

থেংক ইউ দেউতা! আপোনাৰ সাহস আৰু বিশ্বাসৰ বাবেই আজি মই ডাঃ অৰূপ কুমাৰ নাথ। সমাজত আপুনি মোক এক সুৰক্ষিত স্থান প্ৰদান কৰিলে।

আজি পুনৰবাৰ সগৌৰৱেৰে কওঁ– হয়, মই এজন খেতিয়কৰ লৰা আৰু আজি এই সামান্য এজন খেতিয়কৰ লৰাই ওলাইছোঁ বিশ্ব দৰবাৰত অসমক প্ৰতিনিধিত্ব কৰিবলৈ। আজি মোক আমন্ত্ৰণ জনোৱা হৈছে ভাৰতবৰ্ষৰ সকলো ইউৰ’লজিষ্টৰ মহামিলনৰ মহামঞ্চস্বৰূপ USICON-25ত এগৰাকী বিশেষ বক্তা হিচাপে– প্ৰ’ষ্টেট গ্ৰন্থিৰ অস্ত্ৰোপচাৰ ক্ষেত্ৰত মোৰ অভিজ্ঞতা ভাৰতৰ মূধা ফুটা (Most renowned) ইউৰ’লজিষ্টসকলৰ সন্মুখত বৰ্ণনা কৰিবলৈ। যি হয়তো ইউৰ’লজি বিভাগত পঢ়িবলৈ লওঁতে মোৰ সপোনৰো অগোচৰ আছিল। ইয়াৰ পূৰ্বেও বহুতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা গৈ এই মঞ্চত থিয় দিছে। কিন্তু উত্তৰ-পূবৰ পৰা প্ৰথমগৰাকী ইউৰ’লজিষ্ট হিচাপে এই অভাজনেই এই সপোনৰ মঞ্চত বক্তৃতা দিয়াৰ সুযোগ লাভ কৰিছোঁ। কালি গধূলি চেন্নাইলৈ বুলি ফ্লাইটত উঠিবলৈ লওঁতেও মোৰ মনলৈ এটাই ভাব আহিছিল– এসময়ত চাইকেল এখন কিনিবলৈও মোৰ গোটেই পৰিয়ালটোৰ সামৰ্থ নাছিল…। কথাবোৰ ভাবিলে যুদ্ধ জিনাৰ দৰে লাগে, কিন্তু পিছ মুহূৰ্ততে ভাব হয়– এয়া মাথোঁ আৰম্ভনিহে, মোৰ আৰু বহুত কৰিবলগীয়া আছে। বিশ্ব দৰবাৰৰ চিকিৎসাক্ষেত্ৰত অসমক এখন উজ্জ্বল তাৰকাখচিত আকাশ হিচাপে নিৰ্মান কৰি তুলিব লাগিব। অসমত উপযুক্ত চিকিৎসাৰ পৰিবেশ নাই বুলি কিছুসংখ্যক লোকৰ যি ধাৰণা, তাক নোহোৱা কৰি, অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি, অতি উন্নতমানৰ চিকিৎসাসেৱা ৰাইজক প্ৰদান কৰিব লাগিব । মই কথা দিছোঁ দেউতা– আপোনাৰ আশীৰ্বাদ শিৰত লৈ মই ৰোগীক চিকিৎসাসেৱা প্ৰদান কৰি যাম। অসমৰ নাম উজলাম। কিন্তু এই কাম মই অকলে কৰিব নোৱাৰিম। এইক্ষেত্ৰত মোক অসমৰ ৰাইজৰ আশীৰ্বাদ তথা দিহা-পৰামৰ্শ অতিকৈ প্ৰয়োজন। কথাতেই কয়– ৰাইজে নখ জোকাৰিলে নৈ বয়। অসমক বিশ্বৰ মানচিত্ৰত এখন উল্লেখযোগ্য “মেডিকেল ট্যুৰিজিম হাব” হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আমি সকলোৱে লগে-ভাগে আগবঢ়িব লাগিব। অসম চৰকাৰৰ পদক্ষেপকো এইখিনিতে আমি ধন্যবাদ জনাব লাগিব– তেখেতসকলৰ স্বাস্থ্য সম্পৰ্কীয় আচনিসমূহৰ বাবে। অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল তথা দৃঢ় নেতৃত্বত অসম চিকিৎসাক্ষেত্ৰত এক সুৰক্ষিত আৰু উন্নত ভৱিষ্যতৰ দিশে আগুৱাই গৈছে। আজি আমাৰ অসমত উন্নত চিকিৎসাসেৱা উপলব্ধ হৈছে, যিয়ে বহু পৰিয়ালক “কল্পবৃক্ষ”ৰ দৰে সহায় কৰিছে। কিন্তু এখন সমাজ হিচাপে এইক্ষেত্ৰত আমাৰো যথেষ্ট কৰণীয় আছে। চিকিৎসা বিজ্ঞানৰ সবাতোতকৈ উন্নত প্ৰযুক্তি যে বৰ্তমান অসমতো উপলব্ধ, সেই কথা আমি সকলোকে জনাব লাগিব। বছৰত এবাৰকৈ হলেও নিজৰ স্বাস্থ্য-পৰীক্ষা কৰাবলৈ সকলোকে উদ্বুদ্ধ কৰিব লাগিব। তেতিয়াহে মই ক’ব পাৰিম– মোৰ এই অবিৰত প্ৰচেষ্টা অকণমান হলেও সফল হৈছে।

শেষত, মই মোৰ প্ৰিয় অসমবাসী আৰু উত্তৰ-পূবৰ সকলো জনসাধাৰণক মনৰ নিভৃতকোণৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনালোকে মোৰ ওপৰত যি ভৰসা আৰু বিশ্বাস ৰাখিছে, সুযোগ দিছে আপোনালোকৰ সেৱা কৰিবলৈ, সেয়া মোৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ, ডাঙৰ প্ৰাপ্তি। আজি মই মোৰ এই সপোনৰ দিনটো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজলৈ সগৌৰৱে উছৰ্গা কৰিছোঁ।
লগতে মই ঈশ্বৰকো ধন্যবাদ জনাইছোঁ। তেওঁৰ আশীৰ্বাদ নাথাকিলে হয়তো মই আজি এই মঞ্চত থিয় দিব নোৱাৰিলোঁহেঁতেন।

অসম মোৰ গৌৰৱ, উত্তৰ-পূৰ্বাঞ্চল মোৰ স্থিতি।

You don’t need luck, you need preparation
You don’t need talent, you need to work hard
You don’t need to know everything beforehand, you just need to start
Someone once said if only you started earlier, a lot of things would’ve been changed, but here’s the thing l, today you’re the youngest you’ll ever be
You need to start now
The best time to plant a tree might be a year ago or three years ago
But the second best time is today.