ডাক্তৰৰ দিনলিপিঃ ৬

Aug 9, 2025 | The Doctor's Diary

টকা-পইছা নে মানৱতা ?

মাইকেল জেকচনে এবাৰ কৈছিল, “মই জীয়াই থকাৰ অনুভৱ পাওঁ কেৱল মঞ্চখনতহে, তেতিয়া যেন মই আটাইতকৈ সুখী মানুহজন।” আজি মোৰ বাবেও যেন মঞ্চ হৈছে অসমী আইৰ সোণচৰোৱা মাটি আৰু লাইট হৈছে সেই আশা, যি মই মোক লগ কৰিবলৈ অহা ব্যক্তিসকলৰ চকুত দেখা পাওঁ। বহুবছৰ ধৰি উত্তৰ-পূব ভাৰতৰ প্ৰায় সকলোবোৰ ঠায়েই ঘূৰি ফুৰিছোঁ ৰোগী চোৱাৰ বাবে। পূবে অৰুনাচল প্ৰদেশৰ পাছিঘাটৰ পৰা পশ্চিমৰ ধুবুৰী, ভাৰত-বাংলাদেশ সীমান্তৰ মানকাছাৰ ইত্যাদীলৈ। আকৌ উত্তৰে ভাৰত-ভূটান সীমান্তৰ শেষ গাঁও তথা বাক্সা জিলাৰ অন্তৰ্গত কামাদাইছা অঞ্চলৰ পৰা দক্ষিণে ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰ তথা আগৰতলালৈ। ৭০০মান টকা ফিজ লওঁ আৰু ৰোগী চাওঁ; নৰমেল প্ৰেকটিছ। এদিন এগৰাকী ৰোগী আহিছিল মোক লগ কৰিবলৈ। পিন্ধনত তেওঁৰ ধুতি-পাঞ্জাবি; গলত এখন গামোছা। আদবয়সীয়া মানুহজনক দেখি এনে লাগিল যেন তেখেত যথেষ্ট কষ্টত আছে। কিন্তু মোৰ ওচৰলৈ আহি হাতযোৰ কৰি তেখেতে যিখিনি কথা ক’লে, শুনি মোৰ মনটো একেবাৰে ভাগি পৰিল। ক’লে– “ছাৰ, প্ৰস্ৰাৱৰ সমস্যাটোৰ বাবে ম‌ই আপোনাক দেখুৱাবলৈ আহিছোঁ। বহুতদিনৰ পৰা আপুনি আহিব আহিব বুলি ৰৈ আছিলোঁ। কিন্তু ছাৰ, মোৰ এটা ভুল হৈ গল– মই এইটো এটা বিনামূলীয়া কেম্প বুলি ভাবিছিলোঁ। মোৰ লগত টকা-পইচা একোৱেই নাই। ঘৰৰ পৰা কেইবামাইল খোজ কাঢ়িহে আপোনাৰ ওচৰ পাইছোঁহি।। এইবাৰ খেতি-বাতি একেবাৰেই বেয়া ছাৰ। চাউলমুঠি কোনোৰকম যোগাৰ কৰিব পাৰিছোঁ। ডাক্তৰক দেখুৱাবলৈ পইচা নাই বাবে অতদিনে জীয়াতু ভুগি আছোঁ…”

ব্যক্তিগৰাকীয়ে অৱধাৰিতভাৱে তেখেতৰ দুখৰ কথাবোৰ কৈ গ’ল, কিন্তু ম‌ই নিৰ্বাক, নিস্তব্ধ, নিৰুদ্দেশ। তীক্ষ্ণ শেল এডালে ঠিক যেন বুকুৰ মাজতে বিন্ধিলেহি মোক। মানুহজনৰ সততাই মোৰ মনটো চুই গল। তেখেতৰ দৰে আৰু কিমান ৰোগী চাগে’ কেৱল কেইটামান পইচাৰ অভাৱতেই ডাক্তৰৰ চিকিৎসাৰ পৰা বঞ্চিত হ’ব লগাত পৰে। প্ৰয়োজনীয় চিকিৎসাখিনিৰ অভাৱতেই এই পৃথিৱীত কত লোকে চাগে’ অকাল মৃত্যুক সাবটি ল’বলগীয়া হৈছে…

সেইদিনা ব্যক্তিগৰাকীক বিনামূলীয়াকৈ চিকিৎসা আগবঢ়ালোঁ; লগতে দুটামান মেডিচিনো কিনি দি পঠিলোঁ। কিন্তু নিজকে এটা প্ৰমিছ কৰিলোঁ : আজিৰ পৰা মোৰ এই স্বাস্থ্য পৰীক্ষা শিবিৰসমূহ সম্পূৰ্ণ বিনামূলীয়া হ’ব। অসমৰ চুকে-কোনে থকা সকলো ৰোগীৰ ওচৰলৈ মই যাম। সাধ্যানুসাৰে সহায় কৰিম। টকাৰ অভাৱত আৰু যাতে কোনো ৰোগী উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ’ব লগাত নপৰে।

যোৱা ২২ আৰু ২৩ জানুৱাৰী তাৰিখে আমাৰ কিডনী হস্পিটেলৰ উদ্যোগত ৭২ আৰু ৭৩ সংখ্যক বিশেষ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা সজাগতা শিবিৰ ক্ৰমে বঙাইগাঁও আৰু ডিমা হাছাও জিলাৰ মাইবং অঞ্চলত অনুষ্ঠিত হৈ যায়। প্ৰায় দুই শতাধিক ৰোগীক সম্পূৰ্ণ বিনামূলীয়াভাৱে স্বাস্থ্য পৰীক্ষা কৰি পৰামৰ্শ আগবঢ়ালো। ভাল লাগে মনটো আজিকালি। বহুকেইটা স্বেচ্ছাসেবী সংগঠনেও কেম্পসমূহ অনুষ্ঠিত কৰাত আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। এইক্ষেত্ৰত ভাৰত বিকাশ পৰিষদ, হেল্পিং হেণ্ড সন্থা, জানকি ফাউণ্ডেশ্যনৰ নাম মই ল’বই লাগিব। তেখেতসকলৰ সহযোগিতা অবিহনে এই কাৰ্য মোৰ বাবে আৰু কঠিন হ’লহেঁতেন।
আজিকালি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা সজাগতা শিবিৰৰ বাবে যেতিয়াই মই যাত্ৰা কৰোঁ, তেতিয়া এজন চিকিৎসক হোৱাৰ প্ৰকৃত আনন্দ অনুভৱ কৰোঁ।
আচলতে, যোৱা সপ্তাহটো মোৰ যথেষ্ট ব্যস্ততাপূৰ্ণ আছিল। যোৱা দেওবাৰে ( ১৯ জানুৱাৰী ) আমি গ’লোঁ ধুবুৰীলৈ, সোমবাৰে ( ২০ জানুৱাৰী ) মৰিগাঁৱলৈ। মঙলবাৰে ( ২১ জানুৱাৰী ) আমাৰ যাত্ৰা ডেৰগাঁৱলৈ বুলি। বুধবাৰে ( ২২ জানুৱাৰী ) বঙাইগাঁও আৰু বৃহস্পতিবাৰে ( ২৩ জানুৱাৰী ) আমি উপস্থিত আছিলোঁ মাইবঙত। সেইবাবেই মনৰ অনুভৱবোৰ দিনলিপি আকাৰে লিখিবলৈ সময় পোৱা নাছিলোঁ। এইকেইদিনত সযতনে মন-দাপোণত সাঁচি থৈছিলোঁ কথাবোৰ। আজিকালি প্ৰায় প্ৰত্যেকটো শিবিৰতেই একেটা প্ৰশ্নৰেই মুখামুখি হ‌ওঁ—“আমাৰ অঞ্চললৈ ৰোগী চাবলৈ কেতিয়া আহিব ছাৰ ?” মানুহবোৰৰ চকুত থকা এই আশা, বিশ্বাস আৰু কৃতজ্ঞতাই মোক আৰু আগবাঢ়ি যাবলৈ শক্তি যোগায়। এষাৰ বৰ পৱিত্ৰ কথা আছে– আশাৰ ওচৰত ভাগ্য‌ও পৰাজিত হয়। শুভাকাংক্ষীসকলৰ, দুখীয়া-নিচলা-সৰল এই লোকসকলৰ পৱিত্ৰ আশাক বিমুখ কৰাৰ শক্তি মোৰ যে নাই…

আশীৰ্বাদ কৰিব, যাতে ভগৱানে মোক শক্তি দিয়ে আৰু অধিক তৎপৰতাৰে আপোনালোকৰ সেৱা আগবঢ়াবলৈ। সকলোটি কুশলে থাকক, সু-স্বাস্থ্যৰে থাকক। প্ৰণাম।