গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ১৮ মাৰ্চ, ২০২৬, বুধবাৰে চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ ষ্টেডিয়ামত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৯৩সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰত আমি অংশগ্ৰহণ কৰোঁ৷ উক্ত চিকিৎসা শিবিৰটোত আমি উপস্থিত থাকি ৩০গৰাকী কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰোঁ৷ শিবিৰৰ আৰম্ভণিতে শিবিৰত অংশগ্ৰহণ কৰা ৰোগীসকলক কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগ সম্পৰ্কে তথা ইয়াৰ সজাগতা তথা সাৱধানতাৰ বিষয়ে বিশদভাৱে বিৱৰি কোৱাৰ লগতে এই ৰোগৰ বিস্তৃতি ৰোধৰ ক্ষেত্ৰত আমি কিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই সম্পৰ্কে কিছু আভাস দাঙি ধৰোঁ৷ এইকণ সুযোগ তথা সুবিধা কৰি দিয়াৰ বাবে আমি উদ্যোক্তাসকলৰ ওচৰত কৃতাৰ্থ হওঁ আৰু ধন্যবাদ জ্ঞাপন কৰে৷ ৰাইজৰ আশীৰ্বাদ শিৰত লৈ অনাগত দিনতো এইদৰে বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি কিডনী সম্পৰ্কীয় ৰোগৰ বিনামূলীয়া চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতিবদ্ধ৷ সেয়ে এইধৰণৰ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিব বিচাৰিলে কিডনী হস্পিটেল iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷
পঞ্জীয়নৰ বাবে ফোন নম্বৰ 8011501833, 9864104444 Hospital Address- Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD), Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২.
চামতাত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অংশ লওঁ

