গৰৈমাৰীত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

Feb 27, 2026 | Health Camp

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত ২৫ ফেব্ৰুৱাৰী, ২০২৬, বুধবাৰে কামৰূপ জিলাৰ ছয়গাঁৱৰ গৰৈমাৰীৰ শ্বৰিফা মেডিক’জত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৮৪সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন হয়৷ উক্ত চিকিৎসা শিবিৰত আমি উপস্থিত থাকি কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যা বিনামূলীয়াকৈ চিকিৎসা তথা পৰামৰ্শ প্ৰদান কৰোঁ লগতে কিছু পৰিমাণে বিনামূলীয়া ঔষধো যোগান ধৰোঁ৷ উক্ত চিকিৎসা শিবিৰটোত ৩৫গৰাকী লোকক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰোঁ৷ উল্লেখ্য যে কিডনী হস্পিটেলৰ তৰফৰ পৰা আমাৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি বৃহৎ দলে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ চহৰ-নগৰলৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰি আহিছেঁা আৰু এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷ এইখিনিতে আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে সোণাপুৰত থকা iUKD হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ সম্পাদন কৰি অসমৰ ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে৷ ইতিমধ্যে আমি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিডনীজনিত ৰোগত ভোগা ৰোগীসকলৰ ক্ষেত্ৰত আশানুৰূপ পদক্ষেপ গ্ৰহণ কৰি অসমখন কিডনীজনিত জটিল ৰোগৰ পৰা শংকামুক্ত কৰিব বিচাৰিছোঁ৷ তাৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাম কৰি আহিছোঁ৷ উল্লেখ্য যে যিসকল ব্যক্তিয়ে কিডনীজনিত ৰোগ ভুগি আছে, তেওঁলোকে আমাৰ হস্পিটেলৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে৷ হস্পিটেলৰ ঠিকনা– Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD), Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২, যোগাযোগৰ ফোন নম্বৰ ঃ 8011501833, 9864104444