গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ১০ ছেপ্টেম্বৰ, ২০২৫, বুধবাৰে বৰপেটা জিলাৰ কলগাছিয়াৰ পুৰণি হস্পিটেল ৰোডৰ থকা আল-ছালাম মেডিকেলত অনুষ্ঠিত হয় কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৩২সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ৷ উক্ত চিকিৎসা শিবিৰটোত আমি উপস্থিত থাকি ২০০গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰোঁ৷ শিবিৰৰ আৰম্ভণিতে এক চমু অনুষ্ঠানত উদ্যোক্তাৰ তৰফৰ পৰা আমাক গামোচাৰে সম্বৰ্ধনা জনায়৷ যমুনামুখত আয়োজিত এই বিনামূলীয়া চিকিৎসা শিবিৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক iUKDৰ ফালৰ পৰা চিকিৎসা প্ৰদান কৰা হয় আৰn তেওঁলোকৰ কিডনীজনিত ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধান দিয়াৰ লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়৷ কিডনী হস্পিটেল iUKDৰ তৰফৰ পৰা আমাৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ-নগৰকে ধৰি প্ৰত্যন্ত অঞ্চললৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷
