গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু সদৌ অসম চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগমৰ অধ্যক্ষ তথা বিশিষ্ট সমাজসেৱক-গায়ক শ্ৰদ্ধাৰ সীমান্ত শেখৰ ডাঙৰীয়াৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২৭ আগষ্ট, ২০২৫, বুধবাৰে টিহুৰ নিজ নমাটি বিদ্যাপীঠ সামূহিক প্ৰশালাত অনুষ্ঠিত হয় কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১২৭সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ৷ উক্ত চিকিৎসা শিবিৰটোত আমি উপস্থিত থাকি ১২গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰোঁ৷ শিবিৰৰ আৰম্ভণিতে এক চমু অনুষ্ঠানত উদ্যোক্তাৰ তৰফৰ পৰা আমাক গামোচাৰে সম্বৰ্ধনা জনায়৷ এই বিনামূলীয়া চিকিৎসা শিবিৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক iUKDৰ ফালৰ পৰা চিকিৎসা প্ৰদান কৰা হয় আৰn তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধান দিয়াৰ লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়৷ কিডনী হস্পিটেল iUKD-এ আমাৰ তত্ত্বাৱধানত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰত্যন্ত অঞ্চলকে ধৰি বিভিন্ন চহৰ-নগৰলৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷
কিডনী হস্পিটেল iUKDৰ ১২৭সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

