গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু বীৰ লাচিত সেনা, অসম লাকুৱা আঞ্চলিকৰ অন্তৰ্গত চলাপথাৰ শাখা সমিতিৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২৪ আগষ্ট, ২০২৫, দেওবাৰে লাকুৱাৰ চলাপথাৰৰ অংকুৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১২৬সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ৷ উক্ত চিকিৎসা শিবিৰটোত ৬৫গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰোঁ৷ শিবিৰৰ আৰম্ভণিতে এক চমু অনুষ্ঠানত আমাক অসম লাকুৱা আঞ্চলিকৰ অন্তৰ্গত চলাপথাৰ শাখা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়৷ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰোঁ আৰn তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধান দিয়াৰ লগতে বিনামূলীয়াকৈ কিছু ঔষধো বিতৰণ কৰোঁ৷ উল্লেখ্য যে কিডনী হস্পিটেল iUKDৰ তৰফৰ পৰা আমাৰ তত্ত্বাৱধানত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰত্যন্ত অঞ্চলকে ধৰি বিভিন্ন চহৰ-নগৰলৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷ সোণাপুৰত থকা iUKD হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ সম্পাদন কৰি অসমৰ ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত iUKD মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে৷
কিডনী হস্পিটেল iUKDৰ ১২৬সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
