গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল Institute of Urology and Kidney Diseases (iUKD)ত ২২ আগষ্ট, ২০২৫, শুকুৰবাৰে দিনৰ ১২-৩০ বজাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ উৎসৰ্গিত ইউৰ’লজিকেল ৰব’ট ‘MANTRA 3.0ৰ আগমনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা ইউৰ’লজি আৰু ৰব’টিকছৰ মুখ্য বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ নাথে৷ অন্যান্য ক্ষেত্ৰবোৰৰ দৰে চিকিৎসা বিজ্ঞানতো ৰব’টে এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছে৷ যিকোনো জটিল অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত ৰব’টে নিখুঁতভাৱে কাৰ্য সম্পাদন কৰিবলৈ সক্ষম৷ অসম তথা উত্তৰ-পূব ভাৰতৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ কিডনী হস্পিটেল iUKD-এ চিকিৎসা বিজ্ঞানৰ অত্যাধুনিক কৌশল অৱলম্বন কৰিবলৈকে হস্পিটেলখনত শুভাৰম্ভ কৰিছে ৰব’টিক ছাৰ্জাৰী সেৱাৰ৷ উল্লেখ্য যে ২১ আগষ্ট, বৃহস্পতিবাৰে হস্পিটেলখনত প্ৰথমটো ৰব’টিক ছাৰ্জাৰী সফলভাৱে সম্পন্ন হৈ যায়।
কিডনীজনিত যিকোনো জটিল ৰোগ তথা কেঞ্চাৰৰ ( কিডনী, ব্লাডাৰ, প্ৰষ্টেট ) অস্ত্ৰোপচাৰ এতিয়াৰে পৰা হস্পিটেলখনত সম্পাদন কৰা হ’ব ‘MANTRA 3.0’ ৰব’টৰ দ্বাৰা৷ উপস্থিত সাংবাদিকসকলক সম্বোধন কৰি iUKDৰ চি এম ডি, ‘লেজাৰমেন অব্ ইণ্ডিয়া’খ্যাত ডাঃ অৰূপ কুমাৰ নাথে কয় যে এতিয়াৰে পৰা কিডনীজনিত যিকোনো জটিল ৰোগৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকল চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ বা বিদেশলৈ নগ’লেও হ’ব৷ কিডনী হস্পিটেল iUKDতে উপলব্ধ হ’ব বিশ্বমানৰ ৰব’টিক চিকিৎসা৷ মানৱদৰদী চিকিৎসক ডাঃ নাথে কয় যে দুখীয়া লোকসকলেও এই ৰব’টিক ছাৰ্জাৰীৰ সুবিধা লাভ কৰিব পৰাকৈ iUKD-এ বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিব৷ সংবাদমেলত ডাঃ নাথৰ উপৰিও উপস্থিত থাকে iUKDৰ পৰিচালন সঞ্চালিকা সন্ধ্যামিকা দেৱী, চিইঅ’ দেৱজিৎ বৰকাকতি, বিশিষ্ট ইউৰ’লজিষ্টদ্বয় ডাঃ বৰুণ কুমাৰ আৰু ডাঃ সুমিত কাব্ৰা, অপাৰেশ্যন হেড ডাঃ বিকাশ চৌধুৰী, ডিএমএছ ডাঃ বৰেণ্য বৰা প্ৰমুখ্যে ভালেমান নিমন্ত্ৰিত অতিথি, চিকিৎসক তথা স্বাস্থ্যকৰ্মী৷